November 10, 2026 11:58 AM | Tamulpur

printer

হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি দিলীপ শ‍ইকীয়াইৰ প্ৰকাশ

তামুলপুৰ জিলাৰ মেনকা চাহ বাগিচাত কালি আবেলি বনৰীয়া হাতীৰ আক্ৰমণত নিহত বুদুৱা পাইকৰ বাসগৃহত উপস্থিত হৈ সাংসদ দিলীপ শ‍ইকীয়াই শ্ৰদ্ধাঞ্জলি জনায়। সাক্ষাৎকালত তেওঁ স্থানীয় ৰাইজৰ সৈতে হাতী মানুহৰ সংঘাতক লৈ আলোচনা কৰে। হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ চৰকাৰে ৬ লাখ টকাৰ সাহায্য প্রদান কৰাৰ কথা উল্লেখ কৰি সাংসদ শ‍ইকীয়াই কয়, যে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন আছে।

ইপিনে, সাংসদগৰাকীয়ে সামাজিক মাধ্যমত কৃত্রিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়, যে কেৱল সামাজিক মাধ্যমত লাইক কমেণ্ট পালে কাম কৰা নুবুজায়। প্ৰকৃত অৰ্থত কাম কৰা মানুহৰ ওপৰতহে মানুহে আস্থা ৰাখে। আনহাতে বি টি চিৰ তিনিটা সমষ্টিৰ আসন্ন উপ নির্বাচন সন্দৰ্ভত তেওঁ কয়, যে বিজেপিয়ে প্রতিদ্বন্দ্বিতাৰ বাবে সম্পূর্ণ সাজু হৈছে। এই ক্ষেত্ৰত বি পি এফৰ সৈতে আলোচনা তথা বুজাবুজিৰ ভিত্তিত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি সাংসদ শ‍ইকীয়াই প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।