হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি অঞ্চল, অনুসূচীত জাতি- জনজাতি অঞ্চলসমূহত ফলাফল আশাপ্রদ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।
Assamese | April 11, 2025 7:57 PM | Assam Education Minister | Dr Ranoj Pegu Meet | Dr. Ranoj Pegu
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শুভেচ্ছা জ্ঞাপন