পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি হাইলাকান্দি জিলাৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়। প্রধানমন্ত্ৰী আৱাস যোজনা, অমৃত সৰোবৰ আদিকে ধৰি বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে তেওঁ বিষয়াসকলৰ সৈতে মত-বিনিয়ম কৰে। উল্লেখযোগ্য যে এই উন্নয়ন খণ্ডত ইতিমধ্যেই প্রধানমন্ত্ৰী আৱাস যোজনাৰ ৯২% ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ১০০% ঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নির্দেশ প্রদান কৰে। ইয়াৰ লগতে তেওঁ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনৰ জীৱিকা সখী আৰু আত্মসহায়ক গোটৰ সদস্যাসকলে তৈয়াৰ কৰা সামগ্ৰীসমূহো পৰিদৰ্শন কৰে।
Assamese | August 19, 2024 9:12 PM | Ranjit Kr Das
হাইলাকান্দিৰ কাটলিচেৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা