প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দ্বিতীয় দিনাৰ বাবে সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকৰ সন্মিলনত অংশগ্ৰহণ কৰিব। ওড়িশাৰ ভূবনেশ্বৰত তিনি দিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ আজি অন্তিম দিন। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে প্রধানমন্ত্ৰীৰ সৈতে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ জড়িত বিভিন্ন বিষয়ে আলোচনা কৰিব। আভ্যন্তৰীণ সুৰক্ষা, নতুন অপৰাধ আইন, উপকূলীয় সুৰক্ষা, চাইবাৰ অপৰাধ, কৃত্রিম বুদ্ধিমত্তা আদি বিষয়ৰ ওপৰত আজিৰ কাৰ্যসূচীত আলোচনা কৰা হ’ব।
Assamese | December 1, 2024 12:04 PM | PM Modi
সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি দ্বিতীয় দিন