স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অর্জন কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলৰ প্রকাশ

বিগত ১২ বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে প্রকাশ কৰিছে।

এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অর্জন কৰিছে। তেওঁ কয়, যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা কাৰ্যসূচী- আয়ুস্মান ভাৰত, প্রধানমন্ত্রী জন আৰোগ্য যোজনাই দেশৰ প্রায় ৬২ কোটি লোকক সামৰি লৈছে আৰু চিকিৎসা লাভৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে।

 মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত বর্তমান প্রায় ১ লাখ ৮৪ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ আছে আৰু ইয়াৰ জৰিয়তে তৃণমূল পর্যায়ত প্রাথমিক স্বাস্থ্য সেৱা অধিক শক্তিশালী হৈছে।

তেওঁ কয়, যে মধুমেহ, উচ্চ ৰক্তচাপ আৰু কৰ্কট আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উচ্চহাৰত বৃদ্ধি পাই থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। অৱশ্যে এই ৰোগসমূহৰ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ জৰিয়তে মানসিক আৰু অর্থনৈতিক চাপ কিছু পৰিমাণে হ’লেও হ্রাস পাইছে বুলি তেওঁ উল্লেখ কৰে।