স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ ১ নম্বৰ পৰশনি হাবি প্রাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় উল্লেখযোগ্য যে এই শিবিৰটোত ৩০৩ গৰাকী লোকে আশ্রয় লৈ আছে।
যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কৰবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টীয়ক বিধান সভা সমষ্টিৰ বিভিন্ন প্রান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে।
ইয়াৰ অংশ হিচাপে ১ নং খঙীয়া প্রাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকি শিবিৰটোৰ কাম-কাজ পৰিচালনা কৰে। জিলাখনৰ টীয়কৰ ধনতোলা আৰু টীয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।
বাক্সা জিলাত বি পি এফ দলৰ নীতি নির্ধায়ক সমিতিয়ে উজনিত প্রলয়কাৰী বানত ক্ষতিগ্রস্ত সকললৈ গভীৰ সমবেদনা প্রদর্শন কৰি মুখ্যমন্ত্রী সাহায্য পুঁজিত ৫০ লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়।
দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্রশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্রশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে।