July 26, 2026 7:20 PM

views 16

স্বাস্থ্যমন্ত্রী অশোক সিংহলৰ চৰাইদেউ জিলাৰ মাহমৰাত স্থাপিত বান শিবিৰ পৰিদৰ্শন

স্বাস্থ্যমন্ত্রী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ ১ নম্বৰ পৰশনি হাবি প্রাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগৰ বুজ লয় উল্লেখযোগ্য যে এই শিবিৰটোত ৩০৩ গৰাকী লোকে আশ্রয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কৰবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা ...