স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবৰ আহ্বান

কেন্দ্ৰীয় পৰিবেশ মন্ত্রী ভূপেন্দ্র যাদবে স্থানীয় জৈৱ বৈচিত্র্য আৰু পৰম্পৰাগত জ্ঞানৰ নথিভুক্তকৰণৰ বাবে স্থানীয় পৰ্যায়ৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে। চণ্ডীগড়ত ৰাজ্যিক জৈৱিক বৈচিত্র্য বর্ড আৰু কেন্দ্রীয় শাসিত অঞ্চল জৈৱ বৈচিত্র্য পৰিষদৰ ষষ্ঠদশ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ কয় যে জনসাধাৰণৰ জৈৱ বৈচিত্র্য পঞ্জীয়নসমূহ স্থানীয় নিকায়সমূহৰ বাবে প্ৰগতিশীল পৰিকল্পনা আহিলাত পৰিণত হ’ব লাগে, যাৰ জৰিয়তে স্থানীয় জৈৱ বৈচিত্র্যৰ বিষয়ে সকলো তথ্য লাভ কৰিব পৰা যায়। স্থানীয় পৰিকল্পনা গ্রহণ আৰু স্থায়ী বিকাশৰ বাবে পৰম্পৰাগত জ্ঞানৰ জৰিয়তে অৰিহণা যোগাব লাগে বুলিও তেওঁ কয়।

শ্রীযাদবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক জৈৱ বৈচিত্র্য সংশোধনী আইন ২০২৩ আৰু জৈৱ বৈচিত্র্য নিয়ম ২০২৪ৰ সংশোধিত কাঠামোৰ সৈতে নিজ নিজ নিয়ম কানুন, প্রতিষ্ঠানিক ব্যৱস্থা, কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া সমূহৰ সমন্বয় ঘটাবলৈও আহ্বান জনায়। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্র্য প্ৰাধিকৰণে আজি আৰু কাইলৈ দুদিনীয়াকৈ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰে।