স্কটলেণ্ডৰ গ্লাছগ’ত ২৩ সংখ্যক কমনৱেল্থ গেমছ

স্কটলেণ্ডৰ গ্লাছগ’ত আজি ২৩ সংখ্যক কমনৱেল্থ গেমছ আৰম্ভ হ’ব। ৭৪ খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্রতিযোগিতাত অংশগ্রহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নিৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাঈ ছানুয়ে ভাৰতীয় দলক নেতৃত্ব দিব।

কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ ১২৫ জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে।

এইবাৰৰ প্ৰতিযোগিতাত মুঠ ১০ বিধ খেল অনুষ্ঠিত হ’ব আৰু ভাৰতে ইয়াৰে ৮ বিধত প্রতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিকছ, ছুইমিং, থ্রি ইন্টু থ্রি বাস্কেটবল, ভাৰোত্তোলন, আর্টিস্টিক জিমনাস্টিকছ, নেটবল, বক্সিং, জুডোকে ধৰি বিভিন্ন শিতানত প্রতিযোগিতা অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোত ৭৮ গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে ৪৮ গৰাকী মহিলা খেলুৱৈ আছে।

লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিচা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনবেল্থ গেমছত নয়নমণিয়ে সোণৰ পদক অর্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেল্থ গেমছত ৬১টা পদক লাভ কৰিছিল।