দিল্লী বিধানসভাৰ বাজেট অধিৱেশন কাইলৈ আৰম্ভ হ’ব। এই অধিৱেশন অহা ২৮ মার্চলৈ অব্যহত থকাৰ কথা। প্রয়োজনত এই সময়সীমা সম্প্ৰসাৰিত হ’ব পাৰে। এই অধিৱেশনত কাইলৈ দিটিচিৰ কাম-কাজ সন্দৰ্ভত চি এ জি প্রতিবেদন উত্থাপন কৰা হ’ব। অহা মঙলবাৰে বাজেট উত্থাপন কৰা হোৱাৰ লগতে বছৰটোৰ বাবে চৰকাৰী পৰিকল্পনা আৰু বিত্তীয় অগ্রাধিকাৰৰ বিষয়সমূহ নিৰ্ধাৰণ কৰা হ’ব। অধিবেশনৰ সময়ছোৱাত মুখ্য বিত্তীয় তথা আঁচনি সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হোৱাৰ লগতে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। আইন প্রণেতাসকলে আঁচনি পদক্ষেপ তথা বিত্তীয় মঞ্জুৰী বিশ্লেষণ কৰাৰ বাবে অহা ২৬ মাৰ্চত বাজেট সন্দৰ্ভত সবিশেষ আলোচনা কৰিব।
Assamese | March 23, 2025 7:59 PM | Delhi Assembly Election
সোমবাৰৰ পৰা দিল্লী বিধানসভাৰ বাজেট অধিৱেশন