দিল্লী উচ্চ ন্যায়ালয়ে সমাজকর্মী সোনম ৱাংচুকক শীঘ্ৰেই নতুন দিল্লীৰ ছফদজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেডাণ্টা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কাৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে ৱাংচুকৰ পত্নী গীতাঞ্জলি আম’ৱে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই নির্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ে যোৱা দেওবাৰে কেন্দ্ৰীয় চৰকাৰৰ তত্বাৱধানত হাস্পতালত ৱাংচুকৰ চিকিৎসা চলি থকা বিষয়টোত হস্তক্ষেপ কৰিবলৈ অমান্তি হৈ প্ৰদান কৰা এটা ৰায়ক প্ৰত্যাহ্বান জনাই বাংচুকৰ পত্নীয়ে এই আবেদন দাখিল কৰিছিল। কেন্দ্ৰৰ হৈ যুক্তি দৰ্শোৱা মহাধিবক্তা তুষাৰ মেহতাই কয় যে মেডাণ্টা হাস্পতাললৈ ৱাংচুকক স্থানান্তৰ কৰা বিষয়টোত চৰকাৰৰ কোনো আপত্তি নাই। জ্যেষ্ঠ ন্যায়িক বিষয়াগৰাকীয়ে অৱশ্যে সমাজকৰ্মীৰ্গৰাকীয়ে যাতে চিকিৎসকৰ পৰামৰ্শৰ বিৰুদ্ধে মেডাণ্টা হাস্পতাল এৰি যোৱাৰ বাবে অনুমতি নিবিচৰে তাৰ পৰামৰ্শ আগবঢ়ায়। ন্যায়ালয়ে লগতে ছফদজং হাস্পতালত ৱাংচুকক নিৰীক্ষণ কৰি থকা এইমছৰ চিকিৎসকসকলৰ সৈতেও আলোচনা কৰে। তেওঁলোকে সর্বসম্মতভাৱে ৱাংচুকক চিকিৎসকৰ পৰ্যবেক্ষণত থকাৰ প্ৰয়োজনীয়তা সম্পর্কে উল্লেখ কৰাৰ বিষয়েও ন্যায়ালয়ে জানিবলৈ দিয়ে। বিচাৰপীঠখনে মেডাণ্টা হাস্পতালৰ সঞ্চালকক ৱাংচুকৰ পত্নীক তেওঁ যেতিয়াই বিচাৰে তেতিয়াই স্বামীক সাক্ষাৎ কৰাৰ অনুমতি দিবলৈও নিৰ্দেশ দিয়ে।
Assamese | July 21, 2026 8:09 PM | sonom wangsuk
সোনম ৱাংচুকক শীঘ্ৰেই ছফদজং হাস্পতালৰ পৰা গুৰগাঁৱৰ মেডাণ্টা হাস্পতাললৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ