সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে, ঠাইখনত বে-আইনীভাৱে বসতি স্থাপন কৰাৰ আঁৰত এটা দালাল চক্ৰই কাম কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰশাসনে অতি সোনকালেই দালাল চক্ৰটোক চিনাক্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা ল’ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতিয় লোকসকলৰ ভূমি সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আপোচ নকৰে। আইনী প্ৰক্ৰিয়াৰে উচ্ছেদ চলাই যোৱা হ’ব। আনহাতে ট্রাইবেল বেল্ট এণ্ড ব্লক আইনখন কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰি কয় যে, কচুতলীত কংগ্ৰেছ দলে সভাপাতি বেদখলকাৰীক উচতনি দিছিল।
Assamese | September 13, 2024 6:26 PM | CMO Assam | himanta bisha sarma
সোণাপুৰৰ কচুতলিত কালি সৃষ্টি হোৱা অনাহূত পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্রতিক্রিয়া প্ৰকাশ