September 24, 2026 9:02 PM | PM Modi

printer

সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱাই জীৱনৰ প্ৰধান উদ্দেশ্য হোৱা উচিত আৰু প্ৰতিগৰাকী ব্যক্তিয়ে সেৱাৰ মনোভাৱ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে। তেওঁ কয় যে ৰাজনৈতিক ক্ষেত্ৰত উচ্চ স্থানত উপনীত হোৱাৰ পাছতো নীতি আদৰ্শৰে সেৱাৰ মনোভাৱ অব্যাহত ৰখা দৰকাৰ। গুজৰাটৰ ৱাডনগৰৰ পৰা বাৰাণসীলৈ সেৱা যাত্ৰাত অংশগ্ৰহণকাৰী সকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁ এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সেৱাই পৰম ধৰ্ম কথাষাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত।

সেৱাক সৰ্বাধিক চালিকাশক্তি বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে পি এম কিষাণ আৰু পি এম সূৰ্য্যৰ যোজনাৰ দৰে অগণন আঁচনিসমূহে জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে স্বীকৃতি লাভ কৰিছে।

তেওঁ কয় যে যেতিয়া দেশৰ নীতিত সেৱাৰ মনোভাৱ অন্তর্নিহিত হৈ থাকে তেতিয়া দেশৰ বিকাশত সেৱাই এটা বৃহৎ গতি লাভ কৰে। শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত উদ্ভাৱনী আঁচনিসমূহৰ জৰিয়তে দেশৰ ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। ৰাজনীতি, নিৰ্বাচন আৰু চৰকাৰী ব্যৱস্থাই নিজৰ স্থানত আছে। শ্রীমোদীয়ে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ জনসাধাৰণ সমৰ্পিত হৈ আছে। ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত দেশৰ যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।