সেনা বাহিনীক অত্যাধুনিক কৰি তোলাৰ বাবে চৰকাৰে এটা বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত বিয়পি পৰা এটা বাৰ্তা ভুৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ সত্যতা নিৰূপন গোটে এই বাৰ্তাটো বিভ্ৰান্তিকৰ বুলি সদৰি কৰিছে। কোনো সামৰিক অভিযানৰ সময়ত নিহত অথবা আহত হোৱা সেনাৰ পৰিয়াললৈ ততালিকে বিত্তীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে চৰকাৰে সশস্ত্র বাহিনী যুদ্ধত ক্ষতিগ্ৰস্তসকলৰ কল্যাণ পুঁজি – এ এফ বি চি ডব্লিঅ’ এফ মুকলি কৰিছে। এই পুঁজিৰ জৰিয়তে যুদ্ধত হতাহত হোৱা সেনা জোৱান তথা তেওঁৰ পৰিয়ালৰ লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। অস্ত্ৰ-শস্ত্ৰ ক্ৰয় তথা সেনা বাহিনীৰ আধুনিকীকৰণৰ বাবে এই পুঁজি মুকলি কৰা হোৱা নাই বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে।
Assamese | April 27, 2025 8:33 PM | Army | Fake News
সেনা বাহিনীক অত্যাধুনিক কৰাৰ বাবে চৰকাৰে বেংক একাউণ্ট মুকলি কৰা বুলি বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰিত বাৰ্তা ভুৱা বুলি চৰকাৰৰ প্ৰকাশ