● ভাৰতে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ সুফল দেখিবলৈ পোৱা গৈছে। শেহতীয়া তথ্য অনুসৰি ২০২০ চনত সেউজ গৃহ গেছৰ নিগমন পূৰ্বৰ বছৰৰ তুলনাত ৭.৯৩ শতাংশ হ্রাস পায়। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন কাৰ্যালয়ক অর্পণ কৰা তথ্য অনুসৰি ২০০৫ৰ পৰা ২০২০ চনলৈ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ক্ষেত্ৰত সেউজ গৃহ গেছ নির্গমনৰ প্রাবল্য ৩৬ শতাংশ হ্রাস পায়।
Assamese | January 2, 2025 10:00 AM | Akashvani News
সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাসৰ বাবে চলোৱা প্ৰচেষ্টা অব্যাহত ভাৰতৰ