September 21, 2026 8:29 PM | 11th Ayurveda Day 2026

printer

সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ শীৰ্ষক বিষয়বস্তুৰে ১১ সংখ্যক আয়ুর্বেদ দিৱস পালন কৰা হব

১১ সংখ্যক আয়ুর্বেদ দিৱস বুধবাৰে উদযাপন কৰা হ’ব । এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ। আয়ুষ মন্ত্রালয়ে জনোৱা মতে ৩০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৩ লাখৰো অধিক অংশগ্রহণকাৰীয়ে আয়ুর্বেদ দিৱস ৱেৱছাইটত পঞ্জীয়ন কৰিছে।

লগতে প্রায় ৮৯ লাখ নাগৰিকে আয়ুর্বেদক সমর্থন জনাব বুলি প্রতিশ্রুতি দিছে। আয়ুষ মন্ত্রালয়ে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ আৰু চত্তিশগড়কে ধৰি ৰাজ্যসমূহৰ বহুসংখ্যক অংশগ্রহণকাৰীয়ে পঞ্জীয়ন কৰিছে।

এই পদক্ষেপে সজাগতা, সুস্থ আৰু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে নাগৰিক, শিক্ষানুষ্ঠান, সম্প্রদায় আৰু বিভিন্ন সংগঠনৰ একত্ৰিত কৰি আয়ুৰ্বেদ দিৱস উদযাপনৰ কাৰ্যসূচী ফলপ্ৰসু কৰি আহিছে। ১১ সংখ্যক আয়ুর্বেদ দিৱসত বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে।

১০ খন ৰাষ্ট্ৰৰ ১৯০০ তকৈ অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় অংশগ্রহণে আয়ুর্বেদ দিৱসৰ ক্ৰমবর্ধমান প্ৰসাৰ আৰু আয়ুৰ্বেদৰ প্ৰতি সজাগতা সৃষ্টিকে প্ৰতিফলিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।