September 21, 2026 8:29 PM
11
সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ শীৰ্ষক বিষয়বস্তুৰে ১১ সংখ্যক আয়ুর্বেদ দিৱস পালন কৰা হব
১১ সংখ্যক আয়ুর্বেদ দিৱস বুধবাৰে উদযাপন কৰা হ'ব । এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ। আয়ুষ মন্ত্রালয়ে জনোৱা মতে ৩০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৩ লাখৰো অধিক অংশগ্রহণকাৰীয়ে আয়ুর্বেদ দিৱস ৱেৱছাইটত পঞ্জীয়ন কৰিছে। লগতে প্রায় ৮৯ লাখ নাগৰিকে আয়ুর্বেদক সমর্থন জনাব বুলি প্রতিশ্রুতি দিছে। আয়ুষ মন্ত্রালয়ে কয় যে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ আৰু চত্তিশগড়কে ধৰি ৰাজ্যসমূহৰ বহুসংখ্যক অংশগ্রহণকাৰীয়ে পঞ্জীয়ন কৰিছে। এই পদক্ষেপে সজাগতা, সুস্থ আৰু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে ন...