September 23, 2026 12:56 PM | Ayurveda Day

printer

সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে আজি একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন

মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ’ব। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশ-বিদেশৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে আয়ুৰ্বেদৰ সৈতে জড়িত মূল পক্ষসমূহক একেলগে উপৱিষ্ট কৰিব আৰু ব্যাপক আলাপ-আলোচনা তথা জ্ঞানৰ আদান-প্ৰদানৰ বাবে মঞ্চ প্ৰদান কৰিব। একাদাশ আয়ুৰ্বেদ দিৱসৰ উদযাপনত আয়ুৰ্বেদৰ প্ৰসাৰ আৰু সমূহীয়া কল্যাণৰ বাবে প্ৰমাণ, গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হ’ব।

আয়ুষ মন্ত্রালয়ে জনোৱা মতে এইবাৰৰ আয়ুৰ্বেদ দিৱসৰ অনুষ্ঠানৰ বাবে ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। আয়ুৰ্বেদ দিৱসৰ বাবে বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। ১০ খন ৰাষ্ট্ৰৰ এহেজাৰ ৯০০ তকৈ অধিক অংশগ্ৰহণকাৰীয়ে নাম পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।