July 28, 2025 11:20 AM | hiren bhattacharjee

printer

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন। ১৯৩২ চনত যোৰহাটত জন্মগ্ৰহণ কৰা কবিগৰাকীৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা ভট্টাচার্য। বহু মননশীল কবিতাৰে অসমীয়া কাব্যজগত চহকী কৰাৰ লগতে কাব্যপ্ৰেমীসকলক মুগ্ধ কৰি ৰখা হীৰেন ভট্টাচাৰ্য প্ৰথম পুথিখন ১৯৫৭ চনত প্ৰকাশ পায়। মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ’দ, তোমাৰ গান, সুগন্ধি পখিলা, ভালপোৱাৰ বোকামাটি আদি তেওঁৰ কেইখনমান কাব্যগ্রন্থ। বিষ্ণুৰাভা বঁটা, ছোভিয়েট দেশ নেহেৰু বঁটা, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা সাহিত্য বঁটা আদি বিভিন্ন বঁটাৰে সন্মানিত কবিগৰাকীক প্ৰেম আৰু ৰ’দালিৰ কবি ৰূপেও পৰিচিত। অসমৰ বিভিন্ন প্ৰান্তত আজি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।