সীমা বিবাদৰ নামত বন ধ্বংস কৰাতো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। আসন্ন বন্যপ্রাণী পর্যটন বর্ষৰ প্ৰস্তুতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণ তথা বহনক্ষম পৰ্যটনৰ সৰ্বাংগীন পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে কালি কঁহৰাস্থিত বন অভিৱৰ্তন কেন্দ্রত অনুষ্ঠিত পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।
বনাঞ্চল দখলমুক্ত কৰা আৰু ধবংসৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সংকল্পৰ কথা দোঁহাৰি শ্ৰীবৰুৱাই কয়, যে চিৰাং-ভুটান সীমান্তৰবন ধবংসৰ বাতৰিৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে তীক্ষ্ণ নজৰ ৰাখিছে আৰু সংশ্লিষ্ট স্থানত বিষয়া নিয়োজিত কৰিছে।
তেওঁ কয়, যে বনবিভাগে বালি আৰু শিল গুটি পৰিবহণৰ বাবে ব্রাউন ট্রেনজিট অনুজ্ঞাপত্ৰকে ধৰি পৰিবহণ অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে অনলাইন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। এই ব্যৱস্থাৰ ফলত ৰাজহল সংগ্ৰহ বৃদ্ধি পাইছে আৰু মানবীয় হস্তক্ষেপ হ্রাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তেওঁ কয়, যে ব্যৱসায়সকল কোনো হাৰা শাস্তিৰ সম্মুখীন হ’লে হোৱাটএপৰ জৰিয়তে জনোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আন্তঃৰাজ্যিক চকীসমূহৰ স্বচ্ছতাৰ বাবে পর্যায়ক্রমে চিচি টিভি আৰু বডি কেমেৰাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
তেওঁ লগতে পাৰিপাৰ্শ্বিক সুৰক্ষা অক্ষুন্ন ৰাখি দেশৰ অন্য বন্যপ্ৰাণীথলীৰ দৰে কাজিৰঙাতো পর্যটন আন্তঃগাঁথনি উন্নত কৰি ৰাজহ বৃদ্ধিৰ পোষকতা কৰে।