July 10, 2026 10:22 AM | Border SP Meet

printer

সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত গৃহমন্ত্রী অমিত শ্বাহৰ ভাষণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সুৰক্ষিত সীমান্ত, সমৃদ্ধিশালী সীমান্ত এলেকা আৰু সতর্ক সমাজেহে দেশ সুৰক্ষিত কৰিব পাৰে বুলি প্রকাশ কৰিছে। নতুন দিল্লীত কালি সীমামূৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত ভাষণ দি কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রাণবন্ত গাঁও কাৰ্যসূচীৰ অধীনত প্ৰব্ৰজন ৰোধ কৰাৰ লগতে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি আৰু চৰকাৰী কল্যাণমূলক আচঁনিৰ ১০০ শতাংশ ৰূপায়ণ সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয়, যে চৰকাৰে দেশক অনুপ্ৰৱেশৰ সমস্যাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত কৰাৰ বাবে এটা শক্তিশালী ব্যৱস্থা গঢ় দি আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে বিজ্ঞানসন্মতভাৱে সীমামুৰীয়া এলেকাৰ আন্তঃগাঁথনি ৪০০ শতাংশ বৃদ্ধি কৰা বুলি শ্রীশ্বাহে জানিবলৈ দিয়ে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে ৩১ হাজাৰ কোটি টকা ব্যয়েৰে এহেজাৰ ৬০০ কিলোমিটাৰৰ অধিক দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণ কৰিছে। তেওঁ লগতে সীমান্তবর্তী এলেকাত অস্বাভাৱিক কাৰকৰ বাবে সৃষ্টি হোৱা জনগাঁথনিৰ পৰিৱৰ্তনৰ তথ্য তৃণমূল পর্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ শীঘ্ৰে অৱগত কৰোৱাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে সীমামূৰীয়া এলেকাসমূহক নিৰাপদ আৰু অধিক বাসোপযাগ কৰি ছায়া যুদ্ধ, অনুপ্রবেশ, মৌলবাদ, মাদক দ্ৰব্যৰ সৰবৰাহ, ড্রানজনিত ভাবুকি আৰু জনগাঁথনিৰ পৰিৱৰ্তন ৰোধ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

জম্মু-কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সীমামূৰীয়া ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ আৰক্ষী অধীক্ষকসকলে এই সন্মিলনত অংশগ্রহণ কৰে। গৃহ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া সকলো সন্মিলনত উপস্থিত থাকে।