অসম-নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰ্যালয়ত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’, কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম-নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যবান হাইড্ৰ’ কাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অর্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব।
Assamese | June 11, 2026 12:55 PM | Assam-Nagaland
সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে অসম আৰু নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত