ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অন্তৰ্ভুক্তি তথা প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞতাৰ ব্যৱহাৰৰ জৰিয়তে সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে। তেওঁ কয়, যে দেশে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি পৃথিৱীৰ ভিতৰতে সামৰিক সেৱাতন্ত্ৰৰ সৈতে জড়িত সামগ্ৰী নিৰ্মাণৰ বাবে এখন উন্নত বজাৰ গঢ় দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ভাৰতীয় কৰ্পৰেট আইন সেৱা, সামৰিক বিমান ব্যৱস্থাৰ গুণগত মানৰ আশ্বাস সেৱা আৰু কেন্দ্ৰীয় শ্ৰম সেৱাৰ সৈতে পৰীক্ষামূলকভাৱে জড়িত ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। আনহাতে তেওঁ প্ৰশাসনিক সেৱাত নিয়োজিত বিষয়াসকলক উদ্দেশ্যি কয়, যে তেওঁলোকৰ সিদ্ধান্ত আৰু কৰ্মৰ ধাৰাই জনসাধাৰণৰ জীৱন পৰিৱৰ্তন কৰাৰো ক্ষমতা ৰাখে। তেঁও লগতে বিষয়াসকলক সঠিক শাসন ব্যৱস্থা, স্বচ্ছতা আৰু দায়বদ্ধতাৰে নিজৰ কৰ্তব্য কৰি যোৱাৰ বাবেও আহ্বান জনায়।
Assamese | June 18, 2025 7:37 PM | President
সামৰিক সক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ