সাম্প্রতিক বানত ৰাজ্যৰ ৮৮৯খন গাঁৱৰ ৬,৪৩,৩৬৪ জন লোক ক্ষতিগ্ৰস্ত; ৪১জন লোকৰ প্ৰাণহানি

সাম্প্রতিক বানত ৰাজ্যখনৰ ৮৮৯ খন গাঁৱৰ ৬ লাখ ৪৩ হাজাৰ ৩৬৪ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৪১ লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ২৪ হাজাৰ ৮৯১ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। 

প্ৰশাসনে ক্ষতিগ্রস্ত জিলাসমূহত ৯৯টা আশ্রয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্রয় শিবিৰসমূহত ২৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

এইবাৰৰ বানত শিৱসাগৰ জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৩২৮ খন গাঁও ক্ষতিগ্রস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ ৩ লাখ ৯২ হাজাৰ ১৯৫ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ১২ হাজাৰ ৪১৬ হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্রশাসনে জিলাখনত ৪৯ টা সাহায্য শিবিৰ আৰু ১৮১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। 

আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে ৮ হাজাৰ ২৫৯ জন লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ু সেনা বাহিনী, অগ্নি নির্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে।

যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্রশাসনে সু-ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। 

জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল-ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।