July 15, 2026 8:31 PM | Prez Ayurveda

printer

সমাজৰ বৃহত্তৰ কল্যাণৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সমাজৰ বৃহত্তৰ কল্যানৰ বাবে আয়ুৰ্বেদৰ শেহতীয়া প্রযুক্তি গ্রহণ কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি শুশ্রুতম ২০২৬ শীর্ষক আলোচনাচক্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন উদ্যমেৰে আয়ুর্বেদ আৰু যোগাভ্যাসক গোলকীয় মঞ্চত প্ৰতিষ্ঠা কৰিছে। বৈজ্ঞানিক মান অনুযায়ী আয়ুর্বেদিক অস্ত্রোপচাৰৰ প্ৰাচীন পৰম্পৰাক মর্যাদা প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টাক লৈ তেওঁ সন্তুষ্টি প্রকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আয়ুষ মন্ত্রালয়ে আয়ুর্বেদিক স্বাস্থ্য সেরা গোলকীয় মান নির্ধাৰণৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে একেলগে কাম কৰি আছে। আলোচনাচক্রত হোৱা চৰ্চাই আয়ুর্বেদিক শল্য চিকিৎসাৰ নতুন জ্ঞান অন্বেষণত সহায় কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্রকাশ কৰে।