সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাংগঠনিক কামকাজ আৰু নিৰ্বাচনী প্রস্তুতি তীব্ৰতৰ কৰাৰ লক্ষ্যৰে আজি গুৱাহাটীস্থিত ভাৰতীয় জনতাপাৰ্টী, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা আৰু পৰিকল্পনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰৰাজু, প্ৰভাৰী হৰিশ দিবেদীকে ধৰি দলৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
ইপিনে, বি টি আৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি তামুলপুৰৰ অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে এই পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন বিভাগৰ পৰা বিষয়া-কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনায়। উল্লেখযোগ্য যে তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিত ৩৮২ টা ভোটকেন্দ্র আছে। অৱশ্যে ভোটাৰ তালিকা প্রকাশ হোৱাৰ পাছত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | July 18, 2025 8:24 PM | BJP meeting
সমাগত বি টি আৰ নিৰ্বাচন সন্দৰ্ভত বিজেপি অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৈঠক