দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান দার্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তীত শিক্ষকসকলৰ নিঃস্বার্থ ত্যাগ আৰু অৱদানক সন্মান জনাই আজি সমগ্ৰ ৰাজ্যতে শিক্ষক দিৱস পালন কৰা হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সভাকক্ষত আজি জিলা পৰ্য্যায়ত শিক্ষক দিৱসৰ কাৰ্য্যসূচী পালন কৰা হয়। সভাত উপস্থিত থাকি চিৰাং জিলাৰ আয়ুক্ত গকুল চন্দ্র ব্রহ্মই শিক্ষকসকলক সত্যনিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত জিলাখনৰ ১০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জিলাখনৰ ভালেমান বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
শিক্ষক দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই শোণিতপুৰ জিলাৰ ন-দুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটত ৯৫ বছৰীয়া কৃতী শিক্ষক প্ৰফুল্ল কুমাৰ বৰঠাকুৰক বিশেষভাৱে সন্মানিত কৰে । সুদীৰ্ঘ কাল ধৰি শিক্ষা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্যপালে শ্ৰী বৰঠাকুৰক অসমৰ ৰাজ্যপালৰ বৰিষ্ঠ শিক্ষক সন্মান প্ৰদান কৰে। শিক্ষকগৰাকীৰ বাসগৃহত উপস্থিত হৈ ৰাজ্যপালে এই বিশেষ বঁটা আগবঢ়ায়। বঁটা প্ৰদান কৰি ৰাজ্যপাল শ্রীআচাৰ্য্যই এখন সুস্থ সমাজ আৰু সুন্দৰ ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলৰ অপৰিসীম অৱদান আৰু ত্যাগক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কয়, যে শিক্ষকসকলৰ আদৰ্শ আৰু মাৰ্গদর্শনে নৱ-প্ৰজন্মক সঠিক দিশত পৰিচালিত কৰি দেশৰ ভৱিষ্যৎ সুৰক্ষিত কৰে ।
শিক্ষক দিৱস উপলক্ষে মৰিগাঁৱত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰলৈ শিক্ষক সমাজে আগবঢ়াই অহা নিষ্ঠাপূৰ্ণ সেৱা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ অৱদানক সন্মান জনোৱা হয়। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত সৃষ্টি সিঙে শিক্ষক সমাজক শিক্ষার্থীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ’ব পৰাকৈ প্ৰাসঙ্গিক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধ কৰি তুলিবলৈ আহ্বান জনায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকি থানেশ্বৰ মালাকাৰে কয়, যে ভবিষ্যৎ প্রজন্মক সঠিক দিশ প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা নিষ্ঠাপূর্ণ সেৱাৰ বাবে কেইবাগৰাকীও শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত আঁহি শীৰ্ষক এখন বিশেষ পুস্তিকা উন্মোচন কৰা হয়।
কাছাৰ জিলাতো আজি বিভিন্ন কাৰ্য্যসূচীৰে ৬৫ সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত বিশেষ কাৰ্য্যসূচীত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
নলবাৰী জিলাৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্য্যসূচীত ২৬ গৰাকী শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয় ৷