সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে’ত এল টি টি ইৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়েও ৰাজীৱ গান্ধীৰ মৃত্যু বার্ষিকী উপলক্ষে নতুন দিল্লীৰ বীৰভূমিত থকা প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ সমাধিত পুষ্পার্ঘ্য নিবেদন কৰে।
Assamese | May 21, 2024 7:02 PM | Anti-Terrorism Day
সমগ্ৰ দেশত সন্ত্রাসবাদ বিৰোধী দিৱস পালন