May 21, 2024 7:02 PM

views 49

সমগ্ৰ দেশত সন্ত্রাসবাদ বিৰোধী দিৱস পালন

সমগ্ৰ দেশত আজি সন্ত্রাসবাদ বিৰোধী দিৱস পালন কৰা হৈছে। ১৯৯১ চনৰ ২১ মে'ত এল টি টি ইৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণত চেন্নাইৰ সমীপৰ এখন গাঁৱত প্ৰাণ হেৰুওৱা প্ৰাক্তন প্রধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়। সমাজ আৰু ৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদ আৰু হিংসাৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্...