সমগ্র দেশতে আজি হিন্দী দিৱস পালন কৰা হৈছে। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই দেৱনাগিৰি লিপিত লিখা হিন্দী ভাষাক দেশৰ ৰাজভাষা হিচাপে গ্ৰহণ কৰিছিল। সম্প্ৰতি হিন্দী বিশ্বৰ বহুলভাৱে প্ৰচলিত ভাষাসমূহৰ অন্যতম আৰু ৫২ কোটিৰো অধিক লোকৰ প্ৰথম ভাষা। এই উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিব। ৰাজভাষা বিভাগে হিন্দী ভাষাই ৰাজভাষা হিচাপে স্বীকৃতি পোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই সন্মিলনৰ আয়োজন কৰিছে। হিন্দী দিৱস উপলক্ষে আজি শ্ৰীশ্বাহে ৰাজভাষা ভাৰতী আলোচনীৰ হীৰক জয়ন্তী বিশেষ সংস্কৰণ উন্মোচন কৰিব আৰু ৰাজভাষা গৌৰৱ তথা ৰাজভাষা কীৰ্তি বঁটাসমূহ প্ৰদান কৰিব। হীৰক জয়ন্তী অধিক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠানত এটা স্মাৰক ডাক টিকট আৰু স্মাৰক মুদ্ৰা জাৰি কৰা হ’ব।
Assamese | September 14, 2024 2:50 PM | Hindi Diwas
সমগ্র দেশতে আজি হিন্দী দিৱস পালন