October 26, 2026 12:12 PM | S.Joysankar

printer

সন্ত্ৰাসবাদক চৰকাৰী নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

সন্ত্ৰাসবাদক চৰকাৰী নীতিৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সপক্ষে কোনোধৰণৰ যুক্তি থাকিব নোৱাৰে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি চিন্ময় মিছনৰ ৭৫ সংখ্যক বার্ষিকী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে সকলো ৰাষ্ট্ৰই সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি আঁকোৱালি নোলোৱাৰ বাবেই এই বিভীষিকা এতিয়াও অব্যাহত আছে। ড০ জয়শংকৰে কয় যে বিশ্বই এই উমৈহতীয়া ভাবুকিৰ প্ৰতি সজাগতা সৃষ্টি কৰা উচিত আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদক মষিমূৰ কৰাৰ বাবে দৃঢ় সংকল্পেৰে, ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলোৱা উচিত। বর্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংঘাতৰ মাজত শান্তিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে যিকোনো ঠাইৰ যুদ্ধই সকলো ঠাইৰ শান্তিলৈ ভাবুকি কঢ়িয়াই আনে বুলি সকীয়াই দিয়ে। ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষৰ উদাহৰণ দি ড০ জয়শংকৰে কয় যে এই সংঘৰ্ষৰ বাবে অঞ্চলটোৰ পৰা বহু নিলগত অৱস্থিত সমাজ, অর্থব্যৱস্থা আৰু জনসাধাৰণেও মূল্য ভৰিবলগীয়া হৈছে। তেওঁ কয় যে ভাৰতে যেতিয়া আলোচনা আৰু কূটনীতিকে সমস্যাৰ একমাত্র সমাধান বুলি উল্লেখ কৰে, প্ৰকৃততে ই গোলকীয় ভাৱনাক ব্যক্ত কৰে। তেওঁ কয় যে ভাৰতে সদায় শান্তি স্থাপনৰ বাবে প্ৰয়াস কৰি আছে আৰু এই সন্দৰ্ভত অন্য সহযোগীসকলৰ সৈতে কাম কৰি আছে।

ড০ জয়শংকৰে কয় যে গ্লোবেল ছাইথ হিচাপে পৰিচিত অর্থনৈতিক আৰু ঔদ্যোগিককৰণৰ দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহ সম্প্ৰতি বিত্ত, ইন্ধন, খাদ্য আৰু সাৰৰ সংকটৰ সন্মুখীন হৈছে। গ্লোবেল নর্থ হিচাপে পৰিচিত ঔদ্যোগিক আৰু অৰ্থনৈতিকভাৱে উন্নত ৰাষ্ট্ৰসমূহে সমস্যাৰ সমাধান হ’লে তেওঁলোকৰ নিজৰো যে লাভ হ’ব এই কথা অনুধাৱন কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থা বিপদাশংকাৰ পৰা মুক্ত কৰাত আৰু দেশসমূহক যোগানত অধিক বিকল্প উপলব্ধ কৰাৰ সময় আহি পৰিছে। বাস্তৱিক আলোচনাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি ড০ জয়শংকৰে কয় যে যোগানৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰু গুৰুত্বপূর্ণ পথসমূহত বাধা সৃষ্টি কৰিলে জনসাধাৰণৰ জটিলতা বৃদ্ধিহে পায়। তেওঁ কয় যে ৰাষ্ট্ৰসংঘই গোলকীয় সংকটৰ নিৰৱ দৰ্শকৰ পৰিৱৰ্তে নেতৃত্বৰ বাবে আগবাঢ়ি অহা উচিত। বহুপাক্ষিক ব্যৱস্থাৰ সংস্কাৰৰ আৱশ্যকতা দিনক দিনে বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।