অপাৰেচন সিন্দূৰৰ অধীনত অব্যাহত থকা সন্ত্রাসবাদ বিৰোধী কামকাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি বিশ্বজুৰি প্ৰচাৰৰ বাবে সম্প্ৰতি ভাৰতৰ সৰ্বদলীয় প্রতিনিধি দলৰ বিশ্ব ভ্রমণ অব্যাহত আছে। বিশ্বৰ বিভিন্ন দেশলৈ যোৱা সাতটা প্ৰতিনিধি দলে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া, প্ৰভাৱশালী চিন্তাবিদ, সংবাদমাধ্যম আৰু প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিছে।
আলজেৰিয়া, চৌডি আৰব, কুৱেইট আৰু বাহৰেইন সফল ভ্রমণ সামৰি স্বদেশলৈ ঘুৰি অহা বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বৰ দলটোৱে আজি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। ড০ জয়শংকৰক সাক্ষাৎ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰতিনিধি দলৰ সদস্য কূটনীতিবিদ হর্ষবর্ধন শ্রীংলাই কয়, যে দলটোৱে বিদেশ মন্ত্ৰীক তেঁওলোকৰ মতামত অৱগত কৰিছে। তেঁও কয় যে ড০ জয়শংকৰে প্ৰতিনিধি দলটোক অভিনন্দন জনাইছে আৰু দলটোৰ বিদেশ যাত্ৰাৰ সকলো উদ্দেশ্য পূৰণ হৈছে বুলি প্ৰকাশ কৰিছে।
Assamese | June 3, 2025 9:18 PM | Akashvani News | pahalgam | Pahalgam attack
সন্ত্রাসবাদ বিৰোধী কামকাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৰ্বদলীয় প্রতিনিধি দলৰ বিশ্ব ভ্রমণ অব্যাহত