সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাকৈ আগবঢ়োৱা জলপানিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে।
ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয়, যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই ৫০ হাজাৰ টকাকৈ জলপানি আগবঢ়াব।
এই জলপানি লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলক ছাত্ৰসন্থাৰ ৱেবছাইট www. aasu. org. in ত আবেদন কৰিবলৈ আহ্বান জনোৱা হৈছে। অহা ২৪ জুনৰ নিশা ১২ বজালৈ এই আবেদন প্রক্রিয়া চলি থাকিব।