June 19, 2026 11:08 PM

views 13

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত জলপানি লাভৰ বাবে ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাকৈ আগবঢ়োৱা জলপানিৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এটা বিবৃতিযোগে কয়, যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ ২৫ গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই ৫০ হাজাৰ টকাকৈ জলপানি আগবঢ়াব। এই জল...