বাক্সা জিলাৰ শালবাৰীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে জিলাখনৰ শালবাৰী কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থা, গাতি আঞ্চলিক ছাত্ৰ সন্থা আৰু মানাহ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰ নেতাসকলে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায়। এই কাৰ্যসূচীত বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতিয়ে যোগান বিভাগৰ মন্ত্ৰীক সমালোচনা কৰাৰ লগতে বিষয়টো লৈ চৰকাৰ উদাসীন বুলি অভিযোগ তোলে।
পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হৰিমন্দিৰ প্ৰাঙ্গনৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে যোগান বিভাগক সমালোচনা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়।
ধেমাজিতো জোনাই আঞ্চলিক ছাত্ৰ সন্থাই সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।