সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে কাইলৈ আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু। নতুন দিল্লীত অনুষ্ঠিত সর্বদলীয় বৈঠকৰ পাছত সংবাদমাধ্যমৰ সৈতে মত বিনিময় কৰি শ্ৰী ৰিজিজুৱে অধিৱেশৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে অব্যাহত থকাতো সুনিশ্চিত কৰিবলৈ বিৰোধী দলসমূহলৈ আহ্বান জনায়। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে কয়, যে দলটোৱে মণিপুৰৰ পৰিস্থিতি, নিবনুৱা সমস্যা, উত্তৰ-ভাৰতৰ প্ৰদূষণ তথা এগৰাকী উদ্যোগপতিৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনা কৰাৰ পোষকতা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সর্বদলীয় বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেল, এল মুৰুগান, বিজেডিৰ সাংসদ শছমীত পাত্র, সমাজবাদী পাৰ্টীৰ সাংসদ ৰামগোপাল যাদৱ, এম ডি এম কেৰ সাংসদ ৱাইক’, কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰী, জয়ৰাম ৰমেশকে ধৰি অন্যান্যসকলে সর্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে। সংসদৰ শীতকালীন অধিৱেশন ২০ ডিচেম্বৰত অধিৱেশনৰ অন্ত পৰিব। অৱশ্যে সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি অহা ২৬ নৱেম্বৰত সংসদৰ কাম-কাজ বন্ধ থাকিব।
Assamese | November 24, 2024 8:00 PM | Parliament Session
সংসদৰ শীতকালীন অধিৱেশনত যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্য