ভাৰতে ‘সংঘাত জনিত যৌন হিংসা’ক কঠোৰভাৱে গৰিহণা জনাইছে। ভাৰতে ইয়াক যুদ্ধ, সন্ত্রাস, নির্যাতন আৰু ৰাজনৈতিক দমন-পীড়নৰ অস্ত্ৰ হিচাপে বৰ্ণনা কৰিছে, যাৰ জৰিয়তে মানুহৰ ওপৰত কষ্ট জাপি দিয়া হয়। ‘সংঘাত সম্পর্কীয় যৌন হিংসা’ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতর্কত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি. হৰিশে এনে হিংসা অব্যাহত থকা কাৰ্যক গৰিহণা দিয়ে। তেওঁ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি কয় যে, ২০২৫ চনত এনে ধৰণৰ ঘটনাসমূহৰ বৃদ্ধিয়ে সামুহিক পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাক অধিক স্পষ্ট কৰি তুলিছে।
ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰি হৰিশে কয় যে, মহিলা শান্তিৰক্ষীসকলৰ নিয়োগে সংঘাত-সম্পর্কীয় যৌন হিংসা মোকাবিলাত পৰিৱৰ্তনমূলক প্রভাৱ পেলাইছে।
তেওঁ লগতে যে, ভাৰতীয় শান্তিৰক্ষী মেজৰ মইজ য়াছিন আৰু মেজৰ ছোনিয়া দেৱেন্দ্র নাভাস্কাৰে সংঘাত-সম্পর্কীয় যৌন হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ উৎকৃষ্ট অৱদানৰ বাবে ২০২৬ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ “মিলিটাৰী জেণ্ডাৰ এডভোকেট অৱ দ্য ইয়েৰ” স্বীকৃতি লাভ কৰিব।