April 29, 2024 1:02 PM | Election Commission

printer

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত ৬খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৫৭টা সংসদীয় সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। দিল্লীৰ ৭ খন আসন, হাৰিয়ানাৰ ১০ খন, উত্তৰ প্ৰদেশৰ ১৪ খন, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬ খন আৰু ঝাৰখণ্ডৰ ৪খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই পর্যায়ত প্রার্থীসকলে অহা ৬ মেলৈ মনোনয়ন দাখিল কৰিব পাৰিব। ৭ মে’ত মনোনয়ন পত্ৰৰ পুনৰীক্ষণ হ’ব আৰু ইচ্ছুক প্ৰাৰ্থীয়ে মে’ মাহৰ ৯ তাৰিখলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। উল্লেখযোগ্য যে অহা ২৫ মে’ত এই পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব আৰু ৪ জুনত সকলো পৰ্যায়ৰ একেলগে ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।