যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভকত-বৈষ্ণৱসকলক আধ্যাত্মিকতাৰ লগতে গুৰুজনাৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনায়। অধিৱেশনত আজি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলন কৰিব। কাইলৈ হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলেও অংশ লৈছে।
Assamese | February 7, 2025 6:30 PM | Jorhat | Srimanta sankardev sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ