প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্রীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমানা দিশানায়কক আজি কলম্বোত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু শ্রীলংকাৰ মাজত থকা বহুপাক্ষিক সম্বন্ধৰ বিষয়ে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই অঞ্চলটোৰ সুৰক্ষা, শান্তি আৰু সমৃদ্ধিৰ বাবে দৃঢ়তা প্রকাশ কৰে। চুবুৰীয়া দেশ দুখনৰ মাজত থকা সভ্যতাগত সম্বন্ধ, নিকট সম্বন্ধ আৰু সামুদ্রিক সম্বন্ধৰ ক্ষেত্ৰত দুয়োপক্ষই কাম কৰি যোৱাৰ সন্মতি প্রকাশ কৰে, যাতে জনসাধাৰণৰ কল্যাণ আৰু বিকাশ সাধন হয়। দুয়োপক্ষই ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়ৰ সৈতে শ্রীলংকা বিমান বাহিনীৰ বাবে এল-৭০ গান বিকশাই তোলাৰ বাবে দুখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। বায়ু প্ৰতিৰক্ষা গান বিকশাই তোলাৰ ফলত শ্রীলংকাৰ বায়ু প্ৰতিৰক্ষা সামর্থ্য বৃদ্ধি পাব। এই বুজাবুজি চুক্তিৰ ফলত ভাৰত আৰু শ্রীলংকাৰ মাজত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ শিক্ষার্থীসকলৰ সৈতে শৈক্ষিক সম্বন্ধৰ ক্ষেত্ৰত জ্ঞানৰ আদান-প্রদান কৰাত সহযোগিতা আগবঢ়াব। দুয়োগৰাকী নেতাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে নিৰ্মাণ কৰা তিনিখন ব্রেইলী ব্রীজ ভার্চুবেল ব্যৱস্থাৰে মুকলি কৰে।
বৈঠকত শ্রীসিঙে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৈ শ্রীলংকাৰ ৰাষ্ট্ৰপতি দিশানায়কক শুভেচ্ছা জনায়। শ্রীলংকাৰ ৰাষ্ট্ৰপতি দিশানায়কে ভাৰতৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহা কোনো ধৰণৰ কাৰ্যকলাপ শ্রীলংকাৰ ভূখণ্ডৰ পৰা চলাবলৈ নিদিয়ে বুলি দোহাৰে। তেওঁ ডিটৱাহ ঘূর্ণী বতাহৰ সময়ত ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে দেশখনলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ লগতে নতুন দিল্লী মহলে দ্বীপ ৰাষ্ট্ৰখনৰ বিভিন্ন প্রান্তত পুনৰসংস্থাপন আৰু পুনৰনিৰ্মাণ কৰাৰ বাবে আগবঢ়োৱা সহায়ৰ বাবেও কৃতজ্ঞতা প্রকাশ কৰে। শ্রীসিঙে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ঐতিহাসিক আৰু সভ্যতাগত সম্বন্ধৰে গভীৰ বন্ধুত্বপূর্ণ সম্বন্ধৰ কথা উল্লেখ কৰে। তেওঁ চুবুৰীয়া ৰাষ্ট শ্রীলংকাক অতি ওচৰৰ বন্ধু বুলি উল্লেখ কৰি কয় যে ভবিষ্যতেও চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতি ভাৰতে দায়বদ্ধতাৰে প্ৰথমে সহায়-সহযোগিতা আগবঢ়াই যাব।