শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি শ্রীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১০০ সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভার্চুৱেল পদ্ধতিৰে মুকলি কৰে।

অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাজ্যপাল গৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বৰঙণি যোগাবলৈ অনুপ্রাণিত কৰাৰ লণ্য লোৱা হৈছে।

তেওঁ যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ মাদক দ্রব্যবিৰোধী অভিযানৰ হকে মত সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে।

জম্মু-কাশ্মীৰত অলপতে সমাপ্ত হোৱা ১০০ দিনীয়া নিচামুক্তি অভিযানৰ প্রসঙ্গ উত্থাপন কৰি শ্রীসিনহাই এই কাৰ্যসূচীত জনসাধাৰণে সক্রিয়ভাৱে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে। চৰকাৰে শীঘ্ৰেইমাদক দ্ৰব্যৰ ব্যৱহাৰ কৰি জীৱন বিপদাপন্ন কৰি তোলা লোকসকলৰ বাবে আর্থসামাজিক পুনৰসংহতকৰণ আঁচনি আৰু পুনর্নিবাস কার্যসূচী মুকলি কৰিব বুলি তেওঁ সদৰি কৰে।