কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীণফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ’ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সম্মিলন আৰু প্রদর্শনী মুকলি কৰি তেওঁ এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ১৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ-পূবৰ আন্তঃগাঁথনি ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ’ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় ৫০ শতাংশ হ্রাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুলি তেওঁ কয়। ইয়াৰ ফলত পৰ্যটন আৰু পৰিবহণ খণ্ডত উন্নয়ন হোৱাৰ লগতে অঞ্চলটোৰ সৰ্বাত্মক বিকাশ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। এই অনুষ্ঠানত শ্রী গাডকাৰীয়ে ৮ হাজাৰ ৫০০ কোটি টকা ব্যয়সাপেক্ষ প্রস্তাবিত, চাৰিটা লেনযুক্ত গ্রীণফিল্ড-যোৰাবাট-বৰাপানী কৰিডৰৰ বিষয়েও উল্লেখ কৰে। ৬৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰে গুৱাহাটী আৰু শ্বিলঙৰ মাজত যোগাযোগ ব্যবস্থা শক্তিশালী কৰাৰ লগতে মহানগৰ দুখনৰ মাজত যাত্ৰাৰ সময় আঢ়ৈ ঘণ্টাৰ পৰা এঘণ্টালৈ হাস কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।
এই সন্মিলনৰ পৰাই কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মেঘালয়ত ৩৯ হাজাৰ ৮০০ কোটি টকা ব্যয়সাপেক্ষ ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও ঘোষণা কৰে।