June 16, 2026 6:48 PM

views 15

শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্রদর্শনী মুকলি মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রায় ২৩ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে গ্রীণফিল্ড শ্বিলং-শিলচৰ কৰিডৰ বিকশাই তোলা হ'ব বুলি ঘোষণা কৰিছে। কালি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সম্মিলন আৰু প্রদর্শনী মুকলি কৰি তেওঁ এইকথা ঘোষণা কৰে। তেওঁ কয়, যে ১৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰ উত্তৰ-পূবৰ আন্তঃগাঁথনি ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হ'ব। এই কৰিডৰে শ্বিলং আৰু শিলচৰৰ মাজত যাত্ৰাৰ সময় ৫০ শতাংশ হ্রাস কৰাৰ লগতে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ সৈতে যোগাযোগ শক্তিশালী কৰি তুলিব বুল...