শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দর্শন আঁচনিৰ অধীনত ধর্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আর্থিক অনুদানৰ চেক প্রদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে ৰাজ্যৰ ঐতিহাসিক, সাংস্কৃতিক, ধর্মীয় আৰু পর্যটন স্থলসমূহৰ সংৰক্ষণ আৰু সর্বাংগীন উন্নয়নৰ বাবে অসম দর্শন আঁচনি ৰূপায়ণ কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপে পুৰণি কৃষ্টি-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহ জীয়াই ৰখাৰ লগতে পর্যটন ক্ষেত্ৰত নতুন গতি প্রদান কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্রকাশ কৰে। অনুষ্ঠানত জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে অনুদান লাভ কৰা বিভিন্ন নামঘৰ, মন্দিৰ আৰু ঐতিহাসিক স্থানসমূহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Assamese | June 18, 2026 4:09 PM | Assam darshan
শোণিতপুৰত ধর্মীয় আৰু ঐতিহাসিক স্থানৰ বাবে আর্থিক অনুদানৰ চেক প্রদান