June 18, 2026 4:09 PM

views 11

শোণিতপুৰত ধর্মীয় আৰু ঐতিহাসিক স্থানৰ বাবে আর্থিক অনুদানৰ চেক প্রদান

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আজি অসম দর্শন আঁচনিৰ অধীনত ধর্মীয় আৰু ঐতিহাসিক স্থানসমূহৰ বাবে আর্থিক অনুদানৰ চেক প্রদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই কয় যে ৰাজ্যৰ ঐতিহাসিক, সাংস্কৃতিক, ধর্মীয় আৰু পর্যটন স্থলসমূহৰ সংৰক্ষণ আৰু সর্বাংগীন উন্নয়নৰ বাবে অসম দর্শন আঁচনি ৰূপায়ণ কৰা হৈছে। চৰকাৰৰ এই পদক্ষেপে পুৰণি কৃষ্টি-সংস্কৃতি আৰু ঐতিহাসিক সমলসমূহ জীয়াই ৰখাৰ লগতে পর্যটন ক্ষেত্ৰত নতুন গতি প্রদান কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্রকা...

March 20, 2025 7:17 PM

views 148

অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন

ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৫ হাজাৰ নামঘৰক দুটা কিস্তিত ৩ লাখ টকাকৈ প্ৰদান কৰা হ'ব। অহা ৩১ মাৰ্চৰ পূৰ্বে প্ৰথম কিস্তিৰ ধন মোকলাই দিয়া হ'ব।