June 11, 2026 12:25 PM | PM gratitude

printer

শুভেচ্চামূলক বাৰ্তাৰ বাবে বিশ্বৰ প্ৰতিজন নেতাক প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেল’নি, মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্রেড্রিক মাৰ্জ, কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণি আৰু ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুক তেওঁলোকৰ আন্তৰিক শুভেচ্ছা আৰু বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেল’নিক ধন্যবাদ জ্ঞাপন কৰি কয়, যে ভাৰত-ইটালী বিশেষ কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী গতিবেগক দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক লাভৰ বাবে গঢ়ি তুলিবলৈ তেওঁ আগ্রহী। মালয়েছিয়াৰ প্ৰধানমন্ত্রী আনোৱাৰ ইব্রাহিমক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়, যে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ শক্তিশালী তথা চিৰস্থায়ী বন্ধুত্বক তেওঁ গভীৰভাৱে মূল্য দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধাৰ্থে অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মালয়েছিয়াৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্রহী। জাৰ্মানৰ চেঞ্চেলৰ ফ্রেড্রিক মাৰ্জক ধন্যবাদ জনাই যে ভাৰত-জার্মানৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰি দুয়োখন দেশৰ জনসাধাৰণৰ সুবিধার্থে মূল ক্ষেত্ৰসমূহত সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰত সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ।

শ্রীমোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিক আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহুক ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ অংশীদাৰিত্ব আৰু বন্ধুত্বই জনসাধাণৰ সুবিধার্থে নতুন উচ্চতা লাভ কৰি যাব বুলি আশা প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।