September 10, 2026 7:46 PM | hur pok

printer

শুঁৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা কৃষি বিভাগৰ বিশেষ তৎপৰতা

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত শুঁৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত শুঁৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্রব্য প্ৰয়োগৰ লগতে ক্ষতিগ্রস্ত কৃষকসকলৰ মাজত প্রয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফ্ৰাই কৃষি চক্ৰৰ অন্তৰ্গত খাৰঘৰীয়া দেওধাই গাঁৱৰ কৃষিভূমিত আজি ড্ৰোণৰ জৰিয়তে কীটনাশক দ্রব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষি বিজ্ঞানীসকলে অঞ্চলটোত আজি কৃষকসকলক শুঁৰপোক নিয়ন্ত্ৰণৰ উপায়সমূহৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি সঠিক আৰু নিৰাপদভারে কীটনাশক দ্রব্য প্ৰয়োগৰ সন্দৰ্ভতো পৰামৰ্শ দিয়ে।