কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব ভ্ৰমণলৈ আহিব । শ্ৰী চৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্রামাঞ্চল, খেতি-পথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব । ইয়াৰ পিছত শ্ৰী চৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব । এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট, আৰু যুৱক-যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল’ব| কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ’ব| এই আলোচনাত ক্ষতিগ্রস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং, আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্রাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
শ্ৰী চৌহানে কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি হাৰিয়ানাৰ হিচাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা ম’বাইল এপ্লিকেচন বিকশাই তোলা প্রচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ জৈৱিক কৃষিৰ বাবেও কৃষকসকলক উৎসাহিত কৰে।