ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযূষ হাজৰিকাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানক সৌজন্যমূলক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শ্রীহাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অসমৰ উৰ্বৰ কৃষি খণ্ডৰ ব্যাপক সম্ভাৱনা আৰু বৰ্তমানৰ চৰকাৰে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত অৱগত কৰে। অসমৰ কৃষি খণ্ডৰ বিকাশৰ লগতে কৃষক ৰাইজৰ উত্তৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াব বুলি শ্রীচৌহানে মন্ত্রী হাজৰিকাক আশ্বাস দিয়ে। শ্রীহাজৰিকাই লগতে কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাটিলক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ জলপ্রবাহ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা অসমৰ বিপুল জলসিঞ্চনৰ সম্ভাৱনাৰ বিষয়ে মন্ত্ৰীগৰাকীক অবগত কৰে। শ্রীহাজৰিকাই কয় যে ৰাজ্যখনত ২৭ লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ সম্ভাৱনা আছে যদিও জলসিঞ্চন প্রকল্পসমূহে প্রায় ৭ লাখ হেক্টৰ ভূমিহে সামৰি লৈছে। কেন্দ্ৰীয় চৰকাৰৰ হৰ খেত কো পানী দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অসমৰ জলসিঞ্চন ক্ষেত্ৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ দিশত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ইতিবাচক মনোভাৰ প্ৰকাশ কৰা বুলি মন্ত্রী শ্রীহাজৰিকাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে।