শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও প্রশাসনে সাহায্য অভিযান হাতত লৈছে। জিলা প্ৰশাসনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পুঁজিৰে শিৱসাগৰ জিলালৈ খাদ্য সামগ্ৰীৰ ৫০ হাজাৰ টোপোলা সাহায্য হিচাপে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাৰ ফলত বৰ্তমানলৈ ১০ হাজাৰতৈকও অধিক জৰুৰী খাদ্য সামগ্ৰীৰ টোপোলা ক্ষতিগ্ৰস্ত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে। অনাগত সময়ছোৱাত ১৬ হাজাৰ পেকেট আৰু পৰৱৰ্তী পৰ্যায়ত সৰ্বমুঠ ৫০ হাজাৰতকৈও অধিক সাহায্য পেকেট বিতৰণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই প্ৰকাশ কৰে।
জিলা আয়ুক্তগৰাকীয়ে আজি নগাঁও আৰক্ষী চাউনীৰ সমূহীয়া প্ৰেক্ষাগৃহত চলি থকা টোপোলা বন্ধ কাম পৰিদৰ্শন কৰে। সাহায্য বিতৰণ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰি তোলাৰ লগতে অতিৰিক্ত সাহায্য সম্ভাৰৰো ব্যৱস্থা কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে।